Collection of some poems, composed by the talents of Kayakuchi

কয়াকুছিৰ এটা বদনাম আছে

l ছফি আহমেদ

কয়াকুছিৰ এটা বদনাম আছে

বদনামটো বহু পূৰণি

বজাৰখনে বহু বছৰ ধৰি এটা

নিলাজ জীৱন যাপন কৰি আছে,

দীর্ঘদিন ধৰি ক্লেদময় হৈ আছে বজাৰখন।

ইয়াৰ দোকানবোৰত নিত্য বিক্রী হয়

মাখি পৰা জিলেপিবোৰ আৰু

বাছাৰি ঘৰবোৰত বহে জুৱাৰ মেলা।


বজাৰখনত খোজকাঢ়িবলৈও ভয় লাগে,

খোজকাঢ়িলেই কেঁচা বোকাৰ ভেকেটা গোন্ধবোৰে চিঞৰি উঠে পৈচাশিক আনন্দত;

অথবা কাতিমহীয়া কুকুৰবোৰে সুবিধা পালেই কামুৰি দিয়ে সৃষ্টিশীলতাক।


বজাৰখনে দুর্নামৰ বোজাটো কঢ়িয়াই আছে দীর্ঘদিন ধৰি!


বহু বছৰ ধৰি এটা নিলাজ জীৱন

যাপন কৰি আছে বজাৰখনে;

সন্ধিয়া হলেই এন্ধাৰহঁতে পনীয়াৰে

মিতিৰালী পাতি

দেনা-পাওনাৰ হিচাপ কৰে সহস্রবাৰ।


বদনামটো আজিৰ নহয়,

ইয়াৰ কচাইখানাত প্রত্যহ বিক্রী হয়

একো একোটা ভগ্ন হৃদয়ৰ টুকুৰা;

নিৰস বিল্ডিংবোৰেও

বুজি নাপায় সাহিত্যৰ ভাষা,

বজাৰখনৰ দুখ তাতেই।


হে সুধীসকল!

তথাপিও আপুনি এপাক আহিবচোন,

কয়াকুছিৰ বদনামকে চাবলৈ।

আহোঁতে কিন্তু লেংমৰা নীতিবোৰক

বাহিৰতে থৈ আহিব,

নহলেচোন কয়াকুছিৰ বদনামে

বদনামী কৰি তুলিব আপোনাৰ নীতিবোৰকো!

সেয়ে আহোঁতে আপোনাৰ লেতেৰা পোচাকযোৰো

ভালকৈ ধুই-পখালি আহিব।


দেখিব, কয়াকুছিত আপুনি সকলো পাব,

আনন্দ, বেদনা, সুখানুভৱ, আর্তনাদ, ধোঁৱা, জুই, সেউজীয়া ইত্যাদি, সকলো...।

পাহৰি থাকিব পাৰো বাবেই

l জাকিৰ হুছেইন

মই,

জোন আৰু সূৰুযৰ

আলোকেৰে ভৰা চোলাটো বিচাৰিছিলো

দিনৰ বীভৎস পোহৰ আৰু ৰাতিৰ কুঁৱলি

অবিহনে একোৱেই নাপালো।


পাহৰি থাকিব পাৰো বাবেই

সপোন স্তিমিত আহত সময়ক সাৱটি

জীয়াই থাকো ৰূপালী দিনৰ সন্ধানত...

হৃদয়ৰ চিঠি

l ডাঃ নজৰুল ইছলাম

হৃদয়ৰ চাৰি কোঠালিৰ

বন্ধ মৰমবোৰ তোমালৈ, লবা;

কেনে আছা?


জানা, কেতিয়াবা হেৰুৱাই যাওঁ

নিজৰ মাজতে,

খেপিয়াও ফুৰো

তুমি সযতনে গঢ়ি তোলা

সপোনবোৰৰ মাজত।


কেতিয়াবা আকৌ

নিজকে লৈ যাওঁ

ৰোমন্থনৰ গাঁওখনলৈ

ত তুমি দিয়া ভালপোৱাৰ স্তৱকবোৰ

প্রতিদিনে উচুপে নিৰৱে।


নীলা আকাশখনত

মেঘে গাজিলেই

বুকুখন কঁপি উঠে আজিকালি

হৃদয়ৰ চিঠিত জুই হৈ জ্বলি উঠে

অনাগত দিনৰ প্রেমহীন বাট।


জীৱন এক প্ৰহসন

l চুলতান মাহমুদ মির্ধা

 

জীৱনটো এক প্ৰহসনৰ নামান্তৰ;

সেয়ে হেৰাই যোৱা অতীত বিচাৰি

মই আগবাঢ়োঁ এন্ধাৰ খেপিয়াই

এবুকু আশাৰে

অনিশ্চয়তাৰ বুকুলৈ।

 

 তুমি হয়তো নাজানা

বর্তমানে কিদৰে কোঙা কৰে

সেইজ সম্ভাৱনাক!

কুৰুকী কুৰুকী বুকুত পোখা মেলে

দুখৰ ৰাতিবোৰে,

সিহঁতেও পাৰ কৰে বিনিদ্ৰ নিশা।

If you unable to read the poems please download the following fonts and insttal them. You will be able to read the poems.


মকৰা
l কংকণ তালুকদাৰ


চৌদিশে মকৰাবোৰে জাল গুঠিছে
এডাল এডালকৈ টানি আছে সূতা,

আমাৰ দৰে পতংগবোৰক জালত পেলাই
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই
সিহঁতে গুঠিছে জাল।


সিহঁতৰ ঠেংবোৰৰ দৰেই
সম্প্রসাৰিত

সিহঁতৰ আকাঙ্কা,
সিহঁতৰ ভাবি চোৱাৰ সময় নাই
আমাৰ দৰে ক্ষুদ্র পতংগবোৰৰ কথা।

আমি ক্ষুদ্র পতংগবোৰে
এটি আন্দোলন কৰিব লাগে
স্বাৰ্থপৰ মকৰাবোৰৰ বিৰুদ্ধে;


কিয়োনো,
আমিবোৰ ক্ষুদ্র জীৱ হ’লেও
আমাৰো অধিকাৰ অছে জীয়াই থকাৰ,
অধিকাৰ অছে আমাৰো সপোন দেখাৰ।

 

 
Make a Free Website with Yola.